Show/Hide Keyboard Layout

তোমাৰ বাবেই আছো মই

- মিণ্টু কুমাৰ নাথ

তোমাৰ বাবেই আছো মই

নিৰবতাকে সাবতি লৈ

নিৰাশাৰে সপোন ৰচোঁ

আশাৰ বালিঘৰ মই সাজোঁ

এছাটি প্ৰলয়ৰ

ধুমুহাই আহি

উৰুৱাই নিলে মোৰ

উৰুঙা পজাঁ

উটুৱাই দিলে ঘৰ

বালিৰে সঁজা

মন বিষাদে ভৰা

কিয় আমনি কৰা ।

 

তোমাৰ বাবেই আছো মই

নিৰবতাকে সাবতি লৈ

নিৰাশাৰে সপোন ৰচোঁ

আশাৰ বালিঘৰ মই সাজোঁ

এছাটি প্ৰলয়ৰ

ধুমুহাই আহি

উৰুৱাই নিলে মোৰ

উৰুঙা পজাঁ

উটুৱাই দিলে ঘৰ

বালিৰে সঁজা

মন বিষাদে ভৰা

কিয় আমনি কৰা ।

 

ডাৱৰে আৱৰা

আজি জোনাক

জোন তৰাও আঁতৰি গ’লে

মন মোৰো যেন আগচি ধৰে

দুখ বেদনাই উপচি পৰে

তুমি যেন আহিবা

কাষলে মাতিবা

মোৰ পৰাণতে দিবা চুমা ।

 

এছাটি প্ৰলয়ৰ

ধুমুহাই আহি

উৰুৱাই নিলে মোৰ

উৰুঙা পজাঁ

উটুৱাই দিলে ঘৰ

বালিৰে সঁজা

মন বিষাদে ভৰা

কিয় আমনি কৰা ...

 

দুখৰ ছাঁয়াবোৰ আঁতৰি ল’ব

জোন তৰাও মুকলি হ'ব

জোনাকত আশায়ে জিলিকিব

দুয়ো উঠ হাঁহিৰে বিৰিঙিব

তুমি যেন আহিবা

কাষলে মাতিবা

মোৰ পৰাণতে দিবা চুমা

এছাটি প্ৰলয়ৰ

ধুমুহাই আহি

উৰুৱাই নিলে মোৰ

উৰুঙা পজাঁ

উটুৱাই দিলে ঘৰ

বালিৰে সঁজা

মন বিষাদে ভৰা

কিয় আমনি কৰা ।

 

তোমাৰ বাবেই আছো মই

নিৰবতাকে সাবতি লৈ

নিৰাশাৰে সপোন ৰচো

আশাৰ বালিঘৰ মই সাজোঁ

এছাটি প্ৰলয়ৰ

ধুমুহাই আহি

উৰুৱাই নিলে মোৰ

উৰুঙা পজাঁ

উটুৱাই দিলে ঘৰ

বালিৰে সঁজা

মন বিষাদে ভৰা

কিয় আমনি কৰা ।

Hits: 2893